পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৭৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ভালে আছে কামৰূপে ভকত সমস্ত॥১॥
কহিলা মথুৰাদাসে মাধৱদেৱত।
আছয় কুশলে বাপ সমস্ত ভকত॥
তাহান্ত মাধৱদেৱে পুনু পুছিলন্ত।
বৰপেটা থানে কত ভকত আছন্ত॥২॥
তিনিয়ো প্ৰসঙ্গে কৃষ্ণ-কথা হুই নুই।
কহিলা মথুৰাদাসে কৃষ্ণ-কথা হুই।
জন কুৰি ত্ৰিশ মান ভকত আছয়।
বোলন্ত মাধৱদেৱে তাহাঙ্ক কৃপায়॥৩॥
সজ সজ সিটো থান মথুৰা নেৰিবা।
মোহোৰ প্ৰসাদে তুমি ভয় ন কৰিবা॥
আছন্ত মথুৰাদাস বেহাৰ থানত।
মাধৱদেৱৰ সঙ্গে হৰিষে মনত॥৪॥

—মথুৰাদাসক উপদেশ—


পুনৰপি বৰপেটা যাইবাক ইচ্ছায়।
দিনেক মথুৰাদাসে কৰিলা বিদায়॥
গুৱাপান এখানি কাপোৰ দিয়া আতি।
দিলা দেৱ মাধৱে বিদায় বুলি মাতি॥৫॥
পোৰা-ভিঠা সত্ৰত থাকিবে বুলিলন্ত।
পুনৰপি মথুৰাদাসে যে পুছিলন্ত॥
কোনো দিনে হৰিৰ কীৰ্ত্তন খানি ভৈলে।
কৈয়ো কাকে আগে থৈবো আমি তৈকে গৈলে॥৬॥