পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০
[৩৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

যাওঁতেই ৰথযাত্ৰাৰ সময়ত জগন্নাথক্ষেত্ৰত চৈতন্যদেৱক লগ পায়।

“দূৰহন্তে দেখাদেখি ভৈল দুয়ােজন।
দুইহন্তে কাকো নকৰিলা সম্ভাষণ ।’’

 (খ) ভূষণ দ্বিজ ৰচিত শ্ৰীক্ষশঙ্কৰদেৱ মতে (দুর্গাধৰ বৰকটকী) শঙ্কৰদেৱৰ দ্বিতীয়বাৰ তীৰ্থৰত্ৰাৰ সময়ত জগন্নাথ ক্ষেত্ৰত—

“চৈতন্য গোঁসাই তথা ভৈলা দৰিশন।
দুইকো দুয়াে চাহিলা নাহিকে সম্ভাষণ ।”

 (গ) ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিত মতে (৫ম খণ্ড) শঙ্কৰদেৱ ২য় বাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ ক্ষেত্ৰত, চৈতন্য গোঁসাইক লগ পায়।

 (ঘ) দ্বিজ ৰামানন্দ ৰচিত বংশী-গোপাল চৰিত মতে জগন্নাথ ক্ষেত্ৰত ৰথযাত্ৰাৰ সময়ত চৈতন্যদেৱৰ লগত শঙ্কৰদেৱৰ সাক্ষাৎ হয়। দৈত্যাৰিঠাকুৰৰ বিবৰণ মতে দ্বিতীয় বাৰ তীর্থ যাত্ৰাৰ সময়ত শান্তিপুৰত চৈতন্যদেৱৰ লগত সাক্ষাৎ হয়।

 চৈতন্যদেবৰ জন্ম ১৪০৭ শক ১৯ ফাল্গুন শুক্রবাৰ (১৪৮৬ খৃষ্টাব্দ ১৮ ফেব্রুয়াৰী) সন্ন্যাস গ্রহণ ১৪৩১ শক, মাঘ মাহ (১৫১০ খৃষ্টাব্দ), মৃত্যু—১৪৫৫ শক, আষাঢ় মাহ (১৫৩৩ খৃষ্টাব্দ, জুলাই)। সন্ন্যাস গ্ৰহণৰ আগতে গয়াৰা পৰা আহি তেৰ মাহ কাল নবদ্বীপত সদাই কীৰ্ত্তনত মতলীয়া হৈ আছিল। সন্ন্যাস গ্ৰহণৰ পিচত ১৫১০ খৃষ্টাব্দৰ ৭ ফাল্গুণৰ পৰা ১২ ফাল্গুণলৈকে শান্তিপুৰত আছিল। আকৌ ১৫১৪ খৃষ্টাব্দৰ কাতিৰ পৰা জেঠলৈকে আঠ মাহমান নবদ্বীপত আছিল। তাৰ পিচত ১৫১৬ খৃষ্টাব্দৰ পৰা মৃত্যুৰ সময়লৈকে জগন্নাথ ক্ষেত্ৰত আছিল।

 শঙ্কৰদেৱ ১৫৪৬ খৃষ্টাব্দত উজনি অসমৰ পৰা বৰপেটালৈ আহে আৰু ১৫৬২ খৃষ্টাব্দমানত দ্বিতীয়বাৰ তীৰ্থলৈ যায়। গতিকে সেই সময়ত চৈতন্যদেৱ জীয়াই নাছিল। গতিকে প্রথমবাৰ তীর্থযাত্ৰাৰ সময়ত চৈতন্যদেৱৰ লগত জগন্নাথ ক্ষেত্ৰতেই শঙ্কৰ দেৱৰ সাক্ষাৎ হোৱা সম্ভব। এই হিচাব মতে শঙ্কৰদেৱ প্ৰথমবাৰ তীর্থযাত্ৰাৰ সময়ত ১৪৩৮ শকৰ পিচত আৰু ১৪৮৬ শকৰ আগত ক্ষেত্ৰলৈ গৈছিল।