পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮ অ ]
৩৪৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 চিনি পাগিলন্ত ৰাতি॥২১॥
খৰি এক কুৰা  বঢ়া গৈল পোৰা
 এতেকে চিনি দহিল।
দৃষ্টি দিব্য গুণে  তেতিক্ষণ মনে
 মাধৱদেৱে দেখিল॥২২॥
দুইজন ভকত  পাঞ্চিয়া পঠাইল
 প্ৰভাতে বলাইৰ ঠাই।
ডহাইলন্ত চিনি  গৈলন্ত পেলানি
 কহিয়োক কথা যাই॥২৩॥
আসয় বলাই  দুই ভক্ত যাই
 পথে একথান ভৈল।
কৈক যাহা বুলি  বলাই পুছিল
 পাছে তাৰা দুয়ো কৈল॥২৪॥
পঠাইলা মাধব  -দেৱে তযু ঠাই
 বোলন্ত চিনি দহিল।
কহিয়োক যাই  শুনিয়া বলাই
 ভয়ে তধা দিয়া ৰৈল॥২৫॥
পাছে বলাই যাই  মাধৱৰ ঠাই
 সকলো কথা কহিল।
খৰি এক কুৰা  বঢ়া গৈল পোৰা
 অন্য ভিতি মন দিল॥২৬॥
নপাৰিলো পাগ  থিত কৰিবাক
 এতেকে, চিনি দহিল।