পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২অ]
২৯৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

যেন মতে ভেদ হুই  নানা শাস্ত্র মত কই
 দিলা তাৰ মাধৱে উত্তৰ ॥৭॥
শুনি মাধৱৰ কথা  ভট্টাচাৰ্য্য পৰি তধা
 আছ মাধৱৰ মুখ চাই।
মনত বােলন্ত কি  পণ্ডিত মাধৱ আঙ্ক
 সমতাে পণ্ডিত আন নাই ॥৮॥
 —ব্রহ্মা পৰমব্রহ্ম ততবাদ—
হৰি হৰ ভেদ এৰি  পূৰ্ণৰ বিচাৰ ধৰি
 পুছিলন্ত মাধৱত কথা ।
দৈৱকী নন্দন পূর্ণ  কহিলা মাধৱদেৱে
 শুনি তেহেঁ বােলন্ত ইটো নুই।
পৰ ব্ৰহ্ম ভগৱন্ত  নিৰাকাৰ ব্ৰহ্ম মাত্র
 এহি অন্যাঅন্যি কৰা দুই ॥১০৷৷
 —মুগ্ধ ভট্টাচাৰ্য—
পাছে ভট্টাচার্য্যে শুনি  মাধৱদেৱৰ কথা
 জলখল ভৈলা সমুদাই।
আনন্দত আতিশয়  আঙ্কোৱালি মহাশয়
 মাধৱক ধৰিলা নিশ্চয় ॥১১৷৷
বােলন্ত মাধৱ বাপু  তুমি যিটো কোৱা ইটো
 জানা সত্য হুই স্বৰূপত।
তুমি কোৱা ধৰ্ম্ম ইটো  আমিয়াে ন জানো সিটো
 আক সম নাই সংসাৰত ॥১২৷৷
কন্তু আমি মাংসাসী   অনর্থ বস্তুত আশা
 কৰি নষ্ট ভৈলাে সমুদাই।