পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮অ]
২৭৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 কমনে দিবো আনক।
গােপালে বােলন্ত  তৈকে নিলে কল
 আতায়ো দিবে ভক্তক॥২২৷৷
এতেকে ভক্তক  দিয়া কল তুমি
 নাই তাত কিছু দোষ।
ভক্ত দুঃখ পাৱে  কল দিলে বােপা
 আতাৰো হৈবে সন্তোষ ॥২৩৷৷
গুৰুৱে নে দেন্ত  গােপালে বােলন্ত
 দিয়াে কল ভকতক।
গােপাল আতৈৰ  বচনে ভক্তক
 গুৰুৱে দিলা কলক ॥২৪॥
মাধবদেৱৰ   থানক সবেয়াে
 পৰম আনন্দে গৈলা।
আঢ়া ভৈল বুলি  কঙ্কিলাৰ গুৰু
 আৰ কৰি কল থৈলা ॥২৫॥
আউৰ দিন দেৱ—  —মাধৱে প্রভাতে
 কঙ্কিলা গুৰুক আনি।
এক চৰ কল  আনি কি কৰিলা
 হাসি বুলিলন্ত বাণী ॥২৬॥
ঈশ্বৰে বােলন্ত  বাৰ গুটি কল
 মােক মাত্র তাৰা দিলা।
আৰ নেদিলেক  শুনিয়া এতেক
 গুৰুৱে পাছে কহিলা ॥২৭॥