পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩অ]
৩০৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


হৈবেক বৎসৰ পাঞ্চ পৰম সুন্দৰ॥৩২॥
ভাণ্ডহন্তে মাখামাখি আনি ভৰাই হাত।
খান্ত স্বপনত মই দেখিলো সাক্ষাত॥
বোলন্ত মাধৱদেৱে ব্ৰাহ্মণক চাই।
কি বোল বোলা পুনু কেহোঁৱে ন খাই॥৩৩॥
মই জানি আছো খাইলে লৱনুক চোৰা।
এখন বিদিত ভৈল জানিলাহা তোৰা॥
আনো নানাবিধ বাক্য মাধৱে বুলিলা।
পৰম হৰিষে দুধ ভোজন কৰিলা॥৩৪॥
ঈশ্বৰ অনন্ত শক্তি নিজ অংশে আসি।
জীৱক নিস্তাৰ কৰে ভকতি প্ৰকাশি॥
গুৰু শিষ্য ভাৱ দেখাই তাৰিলা লোকক।
ভকতিক দান দিয়া নিলা বৈকুণ্ঠক॥৩৫॥
ব্ৰহ্মা হৰে নপাৱন্ত যাহাৰ মহিমা।
পাপীয়ে বৰ্ণিবো কেনে গুণৰ মহিমা॥
এহি বুলি দ্বিজবৰ দণ্ডৱতে পৰি।
বিস্তৰ কৰিলা তুতি চৰণত ধৰি॥৩৬॥
শুনা সভাসদ কথা থিৰ কৰি মতি।
ইটো খানি দেখাইলন্ত ঈশ্বৰ শকতি॥
নুহি দুধ খাইবাৰ জানিছা কেন মত।
শুনা যেন কৰিলন্ত তাহাৰ পাছত॥৩৭॥

 —মিতা মাধৱ—
খীৰা-মাধৱৰ পো মাধৱ নামত।
মিতা বুলি মাতা দেৱ মাধৱ সতত॥