পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
৭১ অ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


 মাধৱ সেহি মাধৱ।
আনো নানা মত   প্ৰশংসা কৰত
  মনত মহা উৎসৱ॥১৫॥
মাধৱদেৱৰো   লগে বৰ প্ৰীতি
  নম্ৰভাৱে কথা কয়॥
কতোহোঁ দূৰত   দেখিল মাত্ৰকে
  ঘোৰাৰ পৰা নাময়॥১৬॥
একদিন আই   -ধাই বোলে আতা
  কৰাওঁ আগ ৰাজাৰ।
বোলা বীৰুকাৰ্য্যী   সহায় ন মাগৈ
  ৰাজাৰ আগ হৈবাৰ॥১৭॥
শুনি আই ধাই   বুলিলা দুনাই
  মাধৱদেৱৰ আগে।
কিয় বোলা বাপ   ৰাজাৰ আগ যে
  হুয়া থাকিবাক লাগে॥১৮॥
মাধৱে বোলন্ত   ন লাগৈ আমাৰ
  কি কাম ৰাজাৰ ঠাই।
মাধৱদেৱৰ   বাক্য শুনি আৰ
  ন মাতিলা আই ধাই॥১৯॥
এহিমতে কৃষ্ণ   কথাক চৰ্চ্চিয়া
  ৰহিলা মাধৱে তথা।
সাধু নিৰন্তৰ   শুনা অনন্তৰ
  আৰো ভৈল যেন কথা॥২০॥

⸻০⸻