পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬২
[ ৭০ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনি মনপুৰে লৈলা নিষ্ঠুৰ বুলিবে।
মোক পৰীখান দেন্তে দুঃখ পাইবা এবে॥
বৰ বস্তু খুজিলোহোঁ শিশিৰ পৰীখান।
আক দেন্তে এতিয়া পোৱা যে বৰ টান॥১৩॥
মাধৱে বোলন্ত সেৱা বিস্তৰ কৰিলি।
এৰি যাইবে বেলা বোপা নিদাৰুণ ভৈলি॥
গাৱৰ চালক কাড়ি খোজস লৈবাক।
আনো ভক্তে মানা কৰি বুজাৱন্ত তাক॥১৪॥
তথাপিতো সিটো আৰ ক্ষমা ন কৰিল।
গাৱ হন্তে খসায়া মাধৱদেৱে দিল॥
পৰী পায়া মনপুৰ হৰিষে চলিল।
সমস্ত ভকত সবে বিষাদ কৰিল॥১৫॥
পৰীৰ মহিমা শুনা সভাসদ চয়।
পাটৰ পাছৰিখান যেন সেহি নয়॥
জাৰ কালে তাক উৰি থাকিবে পাৰয়।
তাৰ লগে আন আৰ বস্ত্ৰ ন লাগয়॥১৬॥
বিষাদিত মনে ৰামচৰণ ৰৈলন্ত।
তাহাঙ্ক প্ৰবোধি চলি মাধৱ গৈলন্ত॥
অনন্তৰে ৰৈলা গৈয়া কুমাৰ-গাছিত।
কয়দিন মানে আতে আছিলা তহিত॥১৭॥
ইপাৰ সিপাৰ লোক হুইবে ন পাৰয়।
ৰাজাই দুৱাৰ মানা কৰিয়া আছয়॥