পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০ অ]
৪১৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

মাধৱদেৱকো   তেন্তেসে নিছিলা
  শঙ্কৰদেৱৰ পাশ।
শঙ্কৰদেৱে সে   দিলন্ত জানিবা
  তান নাম ৰামদাস॥২॥
তাহান তনয়   ভৈলা শোভনয়।
  নামত ৰামচৰণ।
ৰাম চৰণত   ৰমন্ত সতত
  ৰাম চৰণে মন॥৩॥
মজিল সমূলি   ৰাম−ৰাম বুলি
  সদায় কৰা কীৰ্ত্তন।
মাধৱদেৱৰ   ভাগিন হোৱন্ত
  জানিবাহা সৰ্ব্বজন॥৪॥
তাহান সন্ততি   আতি শিশুমতি
  দৈত্যাৰি দিলা নামত।
লিখিলো পয়াৰ   পদ বন্ধে দুয়ো
  মহাপুৰুষৰ কথা যত॥৫॥
বঢ়া টুটা যত   দোষ ভৈল আত
  সিটো হৰি সুমৰণে।
শঙ্কৰ মাধৱ   স্মৰন্তে সমস্ত
  নষ্ট হৌক তাৱৈ ক্ষণে॥৬॥
 −নিবেদন−
নমো নমো কৃষ্ণ   ইষ্ট দেৱ মোৰ
  তুমি অগতিৰ গতি।