পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰিষষ্টি অধ্যায়

 —কামাখ্যা আৰু হাজোত—
বিজয়পুৰৰ পৰা আসি এক বেলা।
অসুৰাৰি ভট্টাচাৰ্য্য সুন্দৰীত ৰৈলা॥
মাধৱদেৱক বুলিলন্ত বিদ্যমান।
যায়ো বাপু তুমি হাজো নীলাচল থান॥১॥

 —নীলাচল যাত্ৰা—
আত কিবা দোষ কহিয়োক তুমি সাৰ।
তেবে জানা দুৰ্জ্জনৰ মুখে পৰে চাৰ।
কহয় মাধৱে ব্ৰাহ্মণক ন মানয়।
দেৱীক নমানে তুলসীক নিপিন্ধয়॥২॥
তুমি নীলাচল গৈলে তযু কিছু নাই।
তাৰাকেসে পবিত্ৰ কৰিবা তুমি যাই॥
কিন্তু দুষ্ট সব তেবে হৈব শান্ত মন।
মোৰো যাইবে লাগৈ জানা নীলাচল থান॥৩॥
বুঢ়া পূজা পুজিবে ৰাজাই বুলিছয়।
এহি সময়ত তুমি গৈলে ভাল হয়॥
শুনি দেৱ মাধৱে বোলে ভাল যাইবো।
তোমৰা বোলন্ত যিটো তাহাক কৰিবো॥৪॥
অনন্তৰে ভট্টাচাৰ্য্য গৈলা নীলাচল।
পূজাইলন্ত বুঢ়া পুজা কৰি কৌতূহল॥
কয়দিন মানে পাছে মাধৱ গৈলন্ত।
নাৱে যাই লৌহিত্যৰ বালিত ৰৈলন্ত॥৫॥