পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
[৬০অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


আমাৰ দেখিয়া গৃহবাস নাহিকায়।
ইটো সাহ নকৰিবা তোৰা সমস্তয়॥২৪॥
কহিলো দৃষ্টান্ত তাকে ভূলিঙ্গ পক্ষীৰ।
গৃহবাসে থাকি কৰা ভকতি হৰিৰ॥
আৰু এক দৃষ্টান্ত শুনিয়ো সাধু যত।
অপ্ৰয়াসে যুজে থাকি গড় ভিতৰত॥২৫॥

  —গড়ৰ যুজাৰু—
গড় বাজ ভৈলে যুদ্ধে প্ৰাণৰ সংশয়।
এতেকে গৃহক এৰিবাক যোগ্য নয়॥
এহি কহি মাধৱ ৰহিলা হৰষিতে।
শুনি আনন্দিত ভৈল সমস্ত ভকতে॥২৬॥
ৰামচৰণক যথাযোগ্য সাদৰিল।
উঠি ৰামচৰণে মাধৱক প্ৰণামিল॥
বুলিলা বিনয় বাক্য ভকত সবাক।
সেহি হন্তে মাধৱৰ ৰান্ধন্ত অন্নক॥২৭॥
যদি গৃহবাস এৰিবাক অশকত।
কিন্তু আক ন কৰিবা তথাপি মনত॥
বিনাশি জানিয়া মনে তেজিবা বিশ্বাস।
শঙ্কৰ মাধৱ বুলি ছিঙ্গা ভৱ পাশ॥২৮॥

⸻⸻

একষষ্টি অধ্যায়

—শিষ্য পৰীক্ষা—

গোমাৰ গোবিন্দ নাম   আছিলন্ত একজন
  তেহেঁ দেৱ মাধৱ-সেৱক।