এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭ অ]
২২১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত
শঙ্কৰদেৱৰ বাক্য যিমান কৰয়।
ইহ পৰকালে তাৰ দুঃখ নষ্ট হয়॥২৮॥
কোৰ পাৰি ভাত আতি খাবে নপাৰিল।
দামোদৰ গুৰু কেন ঐশ্বৰ্য্য লভিল॥
জানি সাধুজন তান বচন কৰিয়ো।
দুখচয় এৰাই সুখে সংসাৰ তৰিয়ো॥২৯॥
বোলো কাকু বাণী শুনা সভাসদ জন।
কথা আগ পাছ দেখি নেদিবা দুষণ॥
মই শিশুমতি জানি দোষ পৰিহৰি।
শঙ্কৰ মাধৱ সবে বোলা উচ্চ কৰি॥৩০॥
⸻⸻
অষ্টচত্বাৰিংশ অধ্যায়
—শঙ্কৰদেৱৰ বেহাৰ গমন—
আত অনন্তৰে শুনা নিৰন্তৰে
পাছে যেন কথা ভৈল।
বেহাৰক যাইবে প্ৰতি ৰামানন্দ
ঠাকুৰক লগে লৈল॥১॥
যাত্ৰা কৰিলন্ত বৰিয়া খেলত
ৰহিলা শঙ্কৰদেৱ৷
দেখিয়া মাধৱে পিৰা দিয়া ভৰি
ধুৱাই কৰিলন্ত সেৱ॥২॥