পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬ অ]
৪০৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনি ৰাম ৰাম বোলে আনো যত আছে।
ৰাম ৰাম ধ্বনি বৰ উথলিল পাছে॥
আপুনি মাধৱে ৰাম ৰাম ধ্বনি কৰি।
ৰামকৃষ্ণ বুলি গৈলা বৈকুণ্ঠ নগৰী॥৯॥ [১]
আছন্ত মাধৱদেৱ বসি যেন মতে।
আছা ৰামচৰণে সাৱটি সেহি মতে॥
মেলি আছা নেত্ৰ যেন কমলৰ পাশি।
আগতো কৰিয়া আছে বদন প্ৰকাশি॥১০॥
পাছে মুখ লৰিবে নেদেখি মাধৱৰ।
ৰামচৰণে ৰবা ৰবা বোলে তুলি কৰ॥
ঝিম পৰি দেখা নাই বচন মুখত।
জানিল নিশ্চয় কৰি সমস্তে ভকত॥১১॥
বৈকুণ্ঠক গৈলা আতা আমাসাক এৰি।
কান্দিবে লাগিলা সবে ভূমিত বাগৰি॥
লোটালুটি কৰি সবে ভকত কান্দন্ত।
ৰামচৰণে মাধৱক সাৱটি আছন্ত॥১২॥
বোলা ৰামচৰণে চলে শয্যা দিয়ো।
ঝাটে আসি ধৰিয়ো বাজক লাগি নিয়ো॥
ভুনি শয্যাখান চতালত পাৰিলন্ত।
চতালক চাৰি জনে ধৰিয়া নিলন্ত॥১৩॥
নৰহৰি মুকুন্দ তামৰা দুই ভাই।


[১]

  1. ভাদ মাহ ৰবিবাৰ কৃষ্ণাপঞ্চমীৰ দিনা মাধৱে ত্যজিলা শৰীৰক- দ্বিজৰমানন্দ ৬৮ অধ্যায়