পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮২
[৭৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


সবে কহি আছো যিবা কহিবে লাগয়॥
তাহাৰ আৰ্থকে যিবা জন বুজিবেক।
সেহি জনে জানা লাগ আমাক পাইবেক॥৪৯॥
ঘোষাতে সমস্তে মোৰ বল বুদ্ধি যত।
যাৰ ভাগ্য অছে আতে ৰজিবে সঁমস্ত॥
এহি কহি আছন্ত মাধৱদেৱ তথা।
শুনা আত পৰে আৰো ভৈল যেন কথা॥৫০॥

—শিষ্যৰ লক্ষণ—


বোলন্ত কৰিবে গুৰু সেৱা কোন জনে।
মোহোৰ আগত আসি বোলোক এখনে॥
গুৰু সেৱা কৰিলন্ত মাৰ্কণ্ডেয় ঋষি।
প্ৰহ্লাদেয়ো গুৰুসেৱা কৰিলা হৰিষি॥৫১॥
লক্ষণে কৰিলা সেৱা গুৰু সাৱধানে।
ময়ো গুৰুসেৱা কৰি আছো কিছুমানে॥
এহ্ন মতে আন কোন জনে কৰিবেক।
গুৰু সেৱা আমি চাওঁ বোলোক প্ৰত্যেক॥৫২॥
যি সব লক্ষণে গুৰু পাইবাক লাগয়।
যি সব লক্ষণে গুৰু পাইবে নাহিকয়॥
শিষ্যৰ লক্ষণ যেবে থাকয় যদ্যপি।
তাহাকে বুলিলো হন্তে জানিবা তথাপি॥৫৩॥
শিষ্যৰ লক্ষণ যত তাকো নাহি পাইবে।
এতেকে কাহাক বুলিবোহোঁ মই এবে॥