পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঊনপঞ্চাশৎ অধ্যায়

–শঙ্কৰদেৱৰ বৈকুণ্ঠ প্রয়াণ—

প্রতিদিনে আগ  বেলা তেহেঁ যান্ত
 ৰাজাৰ পাশক প্রতি।
পাছ বেলা দেৱ-  -নৰ আগে থাকে
 মনত হৰিষ আতি ॥১৷৷
 —ফোঁহাৰ জ্বৰ—
এহিমতে কত  দিন আছা, জাঙ্গ-
 -গাণ্টিত ফোঁহােৰা গােটেক। (১)
ভৈল আসি তান  বিষ বৰ টান
 বেদনাতে জ্বৰাইলেক ॥২৷৷
যাইবাৰো নেদেখি  ৰাজায়ো বােলয়
 শঙ্কৰ নাসিল আজি।
কিবা ভৈল গৈয়া  আস বার্তা লৈয়া
 পাঞ্চিলেক এক কাৰ্যী ॥৩৷৷
কার্যী গৈয়া বােলে  ৰাজায়ে পঠাইলে
 যাইবাৰ নেদেখি পাছে।
বােলন্ত শঙ্কৰে  নপাবৰো যাইবাৰে
 গাৱ মন্দ কৰি আছে ॥৪৷৷


 ৰামাচৰণ ঠাকুৰৰ মতে গুপ্ত অঙ্গত, দ্বিজ ৰামানন্দৰ মতে সােঁহাতৰ গান্টিত।