পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
[৭৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—মাধৱদেৱৰ খঙ—


ব্ৰাহ্মণ সবৰ বাক্য মাধৱে শুনিয়া।
বুলিবে লাগিলা বীৰুকাৰ্য্যীক চাহিয়া॥
শুনিয়োক কাৰ্য্যী তুমি কৰা যে অন্যায়।
আমি পৰদেশী নাথাকিবো ইটো ঠাই॥৩২॥
নৃপতি থাকন্তে তুমি নপাৰা খেদাইবে।
এহি শ্লোক তুলিলন্ত দেখাই দ্বিজ সবে॥
একে শাস্ত্ৰ কৈলে যিটো দৈৱকী তনয়।
দৈৱকীৰ পুত্ৰকেহে দেৱতা নিশ্চয়॥৩৩॥
এতিক্ষণ কিয় আৰা আক ন মানয়।
হেন শুনি বুলিবে লাগিলা বিপ্ৰচয়॥
নানা শাস্ত্ৰ দেখাই সবে বাদ কৰিলন্ত!
নপাৰোঁ আমৰা বিপ্ৰ সবে বুলিলন্ত॥৩৪॥
একজুঠে কিৰকুচি দিয়া যে উঠিল।
নানাবিধ ছন্দ মন্দ বুলিবে লাগিল॥
মাধৱদেৱৰ বায়ু উঠিবাৰ দেখি।
আগ ভৈলা ৰামচৰণ খানিকো নাপেখি॥৩৫॥
মাধৱদেৱক ঢাকি দিলন্ত উত্তৰ।
শুনি মনে বিস্ময় মিলিল ব্ৰাহ্মণৰ॥
অনন্তৰে বিপ্ৰগণ নিজম পৰিলা।
ব্ৰাহ্মণ সবক দেৱ মাধৱ বুলিলা॥৩৬॥
আমাক বুলিয়া মন্দ বৰ যশ পাইলা।
গুণি চোৱা আপোনাৰ ধৰ্ম্ম হৰুৱাইলা॥