পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩ অ]
১৩১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

এহিমতে প্রতি   দিনে শোন্ত লগে
  শঙ্কৰৰ ৰঙ্গমন।।
পাপ দূৰ হোক   শঙ্কৰ মাধৱ
  বুলিয়োক সৰ্ব্বজন ॥২৮॥

⸺⸺

চতুস্ত্রিংশ অধ্যায়

—মাধৱদেৱৰ শুশ্রষা—

এহিমতে শঙ্কৰ মাধৱ চলি যান্ত।
যৈতে ৰাতি হােৱে গৈয়া তহিতে ৰহন্ত॥
বস্ত্ৰ সলাই গৈয়া বস্তু কিনিয়া আনন্ত॥১॥
স্নান কৰি শঙ্কৰক ভােজন কৰান্ত।
তৈল লৈয়া তান দুই চৰণ জান্তন্ত ॥
শঙ্কৰদেৱৰ নিন্দ্ৰা আসিলেক যেবে।
আদা খাৰ শঙ্কৰৰ পাৱে দিয়া তেবে ॥২॥
লাস কৰি নমাই থৈয়া দুখানি চৰণ।
তেবেসে আপূনি গৈয়া কৰন্ত ভোজন॥
এহি মতে সেৱা নিতে মাধৱে কৰন্ত।
আনলােকে ফাতফোত ঘুঘুৰি পাৰন্ত ॥৩॥

—চৈতন্যৰ ওচৰত—

প্রভাতে উঠিয়া নিতে গমন কৰন্ত।
কৃষ্ণ-চৈতন্যৰ (১) গৈয়া থানক পাইলন্ত॥


(১) (ক) দ্বিজৰামানন্দৰ গুৰুচৰিত্ৰ মতে শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ