পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
[৫১অ
শ্ৰীশ্রীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

পাছে বুলিলন্ত  আগ দিয়াছন্ত
 আতাৰ প্ৰসাদ আক।
দুঃখ যদি পাই  তথাপি লাগয়
 আক ভােগ কৰিবাক ॥১০৷৷
এহি বুলি দিন  দুই তিনি মানে
 লোটাত খাইলন্ত পানী।
এগুটি ভক্তক  মাতিয়া ঘৰক
 তাঙ্ক দিলা লােটা খানি॥১১৷৷
মাধৱদেৱৰ   ভক্ত সব সনে
 মনে হৰিষিত ভৈল।
শুনা আতপৰ  সাধু নিৰন্তৰ
 দামােদৰে যেন কৈল॥১২৷৷

⸻⸻

দ্বিপঞ্চাশৎ অধ্যায়

—ভােবৰা দামোদৰ আদিৰ বৃত্তান্ত—

নামত ভােবৰা  দামােদৰ আৰো
 এক ভক্ত আছিলস্ত।
নিতে কৃষ্ণ-কথা  শুনি আইলে অস্ত
 মাধৱদেৱে পুছন্ত৷৷৪১৷৷
আজি কোন কথা  ভৈল দামােদৰ