পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০ অ]
৩৬৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—ভৃগুগুৰুৰ সদাশয়তা—


ভৃগুগুৰু নামে বিপ্ৰ জনেক আছিলা।
ইপাৰৰ পৰা পূব পাৰক আসিলা॥১৮॥
আছন্ত মাধৱদেৱ কুমাৰ-গাছিত।
তেঁহে গৈয়া কথাবাৰ্ত্তা ভৈলন্ত তহিত॥
মাধৱদেৱক নিবে কৰিয়া উপায়।
কহিলন্ত কথা গৈয়া চকিয়াৰ ঠাই॥১৯॥
আছে বুঢ়া শ্বশুৰ আমাৰ ঐত তাঙ্ক।
সি পাৰক নিবে চাওঁ কহিলোহোঁ আক॥
চকিয়ানো বোলে কয়জন লাগে যাইবে।
ভৃগুগুৰু কহিলন্ত জনা পাঞ্চ হুইবে॥২০॥
মই আৰ শ্বশুৰ এখনি ভাৰী জান।
দুইখানি দুলীয়া আৱৰ নাহি আন॥
লোকে যেন ন জানয় বোলয় চকিয়া।
সকালে আসিয়া তেবে পাৰ কৰি নিয়া॥২০॥
হেন শুনি ভৃগুগুৰু পার হুয়া গৈলা।
দুজন দুলীয়া লৈয়া শীঘ্ৰে আসি ভৈলা।
কোন লগে যাইবা দেৱ মাধৱে পুছিলা।
মই যাইবোঁ যদুমণি প্ৰথমে বুলিলা॥২২॥
মাধৱে বোলন্ত তই ডেকা যে ছৱালি।
ভাল মন্দ আছে কোন জনে লাগ পাইলি॥
হেন শুনি যদুমণি বুলিলা বচন।
যদি তোমাঠেৰ সঙ্গে যাইবাৰ কাৰণ॥২৩॥