পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
[ ৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


মুৰাৰী দাসৰ ঘৰে ৰান্ধিলন্ত পাছে॥
ভাত ভৈলে মাধৱদেৱক মাতি নিল।
চাৰি মেচ ৰখীয়া লগত তান দিল॥২৩॥
চারি মেচ চতালত বসিয়া ৰহিল।
ভিতৰে মাধৱদেৱে ভোজন কৰিল॥
কৰিবে ভোজনৰ ৰামচৰণে ন পাৰিল।
দেখা দিবে ন লাগয় মাধৱে বুলিল॥২৪॥
মনে তোৰ ভয় ভৈল জানিলোহোঁ মই।
মই যাওঁ মেচ সমে ঘৰে চল তই॥
মেচ সমে এহিমতে মাধৱদেৱ গৈলা।
সুৰানন্দ যৈতে আছে তৈতে গৈয়া ৰৈলা॥২৫॥
মাধৱদেৱক ভাত খাইবাক পঠাই।
আপুনি গোসাইৰ ঘৰে ৰৈলা সিটো যাই॥
ৰজনী প্ৰভাতে উঠি বাচড়িত চড়ি।
মাধৱদেৱক লৈয়া গৈলা শীঘ্ৰ কৰি॥২৬॥

—ৰজাৰ আগত—

বিজয়পুৰক পায়া ৰজাত কহিলা।
বাখৰ ভাণ্ডাৰে ৰাখ ৰাজায়ে বুলিলা॥
বাখৰ ভাণ্ডাৰে ৰাখিলন্ত মাধৱক।
সুৰানন্দ চলি গৈলা আপোন ঘৰক॥২৭॥
কতোদিন তহিতে মাধৱদেৱ আছা।
শুনা সাধুজন যেন কথা ভৈল পাছা॥