পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুঃ-ষষ্টি অধ্যায়

—সৰ্ব্বদৰ্শী মাধৱ—

এহি মতে যেবে   সুন্দৰী দিয়াত
  মাধৱ দেৱ আছন্ত।
একগিৰি মাল-  -ভোগ কল চৰ
 দিনেক আনি দিলন্ত॥১॥
ভাটি বেলা ভৈলে  হৰি কথা হৈলে
 সেহি কল বিলাইলন্ত।
আট গুটি কল  বিলনীয়া জনে
 আৰ কৰি ৰাখিলন্ত॥২॥
 -কলচোৰ-
সমস্ত ভকত  গৈলন্ত ঘৰক
 ৰাতি হৰি কথা শুনি।
পাছে নিশা ভৈলে  স্বপোন দেখিলা
 মাধৱদেৱে আপুনি॥
উঠিয়া প্ৰভাতে  ভকত সবাতে
 মাধৱদেৱে কহিলা।
বোলন্ত ঈশ্বৰ  ই কল চোৰ
 সব কল মোক দিলা॥৪॥
আট গুটি কল  নেদিলা আমাক