পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩অ]
২৯৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


আসি আছা তেহেঁ ভগৱতী দেখিবাক।
আদৰিবে আমাৰ লাগয় জানা তাক॥১১॥

 —দেবী দৰ্শনত আপত্তি—
এহি বুলি বৰদেউৰী মাধৱক চাই।
বোলন্ত মাধৱ দেৱী দেখিয়োক যাই॥
মাধৱে বোলন্ত ইটো কোন ব্যৱহাৰ।
চাৱে কোন পাপিষ্ঠে মাতৃৰ যোনি দ্বাৰ॥১২॥

 —বৰদেউৰী কৰ্ত্তৃক প্ৰশংসা—
যিমত দোষণ শ্লোক পঢ়ি শুনাইলন্ত৷
শুনি বৰদেউৰী মাধৱক বুলিলন্ত॥
আক বৰ জিতাক্ষৰী মাধৱ পণ্ডিত।
অসুৰাৰি ভট্টাচাৰ্য্যে বুলিলা তহিত॥১৩॥
কি বোলা মাধৱক জিতাক্ষৰী মাত্ৰ।
আমি যদি পঢ়ো দশবৰ্ষ হুয়া ছাত্ৰ॥
তাকে পঢ়াইবাক লাগি মাধৱে পাৰয়।
মাধৱক পণ্ডিত বুলিবে ন পাৱয়॥১৪॥
ঈশ্বৰৰ অংশ জানিবাহা মাধৱক।
তান লাগে তুমি নতু কৰা আলাপক॥
মই কৰি আছোহোঁ আলাপ লগে তান।
কামৰূপে নাহি আঙ্ক পণ্ডিত সমান॥১৫॥

 —পূজাৰীক দান—
এহি মতে মাধৱক প্ৰশংসা কৰিল।
মাধৱো সবাকে ছয়ত্ৰিশ টকা দিল॥