পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫ অ]
৩১৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—পুনৰ বৰপেটাত—


আৰ ঐত নথাকো বুলিয়া দুঃখ মনে।
মথুৰা দাসক মাতি পঠাইলা তেখনে॥
কীৰ্ত্তনীয়া ফৌদ সমে সত্বৰে আসোক।
নেউক বৰপেটাক লাগিয়া শীঘ্ৰে মোক॥১০॥
শুনিয়া মথুৰাদাস তেখনে আসিলা।
মাধৱদেৱক বৰপেটা লাগি নিলা॥
ভক্তবৰ্গ সমে তথা ৰহিলা মাধৱ।
তান্তিকুঞ্ছি লোকৰ মিলিল মহোৎসৱ॥১১॥
বৰপেটা গৈয়া দেৱ মাধৱ আছন্ত।
নিতে নিতে তেবে আনন্দৰ নাহি অন্ত॥
নটুৱা পাতিয়া নট কৰিলা বিস্তৰ।
নাট দেখি লোকৰ আনন্দ বহুতৰ॥১২॥

—ৰঙ্গিলীঘৰ নিৰ্ম্মাণ—


কৰিলা ঝুমুৰা দধিমথন তুহিত। ১)
নানা ৰসে কৰিলন্ত আৰ নানা গীত॥
পাতিলা গোঁসাইৰ ঘৰ মহা মনোৰম।
কামৰূপে আন ঘৰ নাই তাক সম॥১৩॥
দেখন্তে লোকৰ মনে আনন্দ পৰম।
চাৱে নৰনাৰী সবে ঘৰ নিৰূপম॥


[১]

  1. (১) ৰাস ঝুমুৰা, দধিমথন—অঙ্কীয়া নাট। ৰামচৰণ ঠাকুৰে (শঙ্ক- চৰিত-৩৯৮৭ পদ) ৰাস ঝুমুৰাৰ বিশদ বিৱৰণ লিখিছে।