পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫ অ]
৩১৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কি বোলা নাটে ধৰ বোলন্ত খঙ্গিয়া॥।
ধৰিলন্ত চৌতিত আপুনি এহি বুলি।
চৌতিক ভকত সবে ওপৰক তুলি॥২॥
দেখন্ত আটিল চৌতি অধিকাও ভৈল।
দেখিয়া মাধৱদেৱে বুলিবাক লৈল॥
কিবোলা মথুৰাদাসে বোলা পুনু নাটে।
সমস্ত বিস্ময় ভৈল কিয় আজি আটে॥২১॥
শ্ৰীৰাম আতাই লাসে লাসে বোলা বাণী।
ইহাত বিস্ময় ন মানিবা একো প্ৰাণী॥
দেখা দেখা দেখাইলন্ত ঈশ্বৰ শকতি।
ছুটিয়ো দীঘল ভৈল দেখাইল সম্প্ৰতি॥২২॥

—ভীম যদুমণি—


ন খাইলেক কাপ কতখানি মান চৌতি।
দক্ষিণ কূলৰ যদুমণি আছা তৈতি॥ (১)
বুলিলা মাধৱদেৱে পাছে তাঙ্ক মাতি।
ধৰিয়ো চৌতিক যদুমণি কান্ধ পাতি॥২৩॥
শুনি কান্ধপাতি যদুমণি ধৰিলন্ত।
কৰতে কাটিয়া চৌতি কাপ খুৱাইলন্ত॥
বোলা যদুমণিক মাধৱদেৱে চাই।
জানো বৰ দুখ তুমি লভিলা বোপাই॥২৪॥
যদুমণি বোলে দুঃখ নপাওঁ বিস্তৰ।
হেনশুনি দিলা তাঙ্ক মাধৱে উত্তৰ॥


[১]

  1. (১) দক্ষিণ কূলৰ ব্ৰাহ্মণ বিষ্ণুআতৈৰ মধ্যম পুত্ৰ।