এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষট্ ষষ্টি অধ্যায়
—দামােদৰদেৱৰ লগত বিবাদ—
আৰো একদিনা ভৈল কথা যেন
কহোঁ তাক শুনিয়ােক।
দামােদৰ গুৰুক মাধৱদেৱে
আনি বুলিলন্ত বাক ॥১॥
আমি যাক দূৰ কৰাে, তাক কেনে
দিয়া ঠাই দামােদৰ৷
তেহেঁ বােলা মই কাহাক খেদিম
কেহোঁ নুহি মােৰ পৰ ॥২॥
—বিতাড়িত ভক্তক আশ্রয় দান—
মাধৱে বােলন্ত সত্ৰ কৰি আছা
আচাৰ্য্য স্বৰূপ হুই।
বিধৰ্ম্মী দেখিয়া শিক্ষা নেদিবাক
তােমাৰ দূষণ হুই ॥৩॥
তেহেঁ বুলিলন্ত যি যত কৰে
কৰে সিটো আপােনাক।
তাৰ দোষ চয় আমাৰ লাগয়
কিবা হেতু দেখিবাক ॥৪॥
—শঙ্কৰদেৱক অমান্য—
তােমাক শঙ্কৰ- দেৱে থাপিছন্ত
তুমি সি পাৰা দেখিবে ।