পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৪
[৭৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

  চৈত মাস আসি ভৈলি॥১॥
দিন আঠে দশ   মাত্ৰ আছিলন্ত
  মাধৱদেৱৰ ঠাই।
পুনৰপি ৰাম-   -চৰণ গৈলন্ত
  ঘৰক কৰি বিদায়॥২॥

—সঙ্কলয়িতা ৰামচৰণ—

পাছে কতোদিনে   শ্ৰদ্ধা ভৈল মনে
  ৰামচৰণৰ জান
ঠাই ঠাই ঘোষা-   -কীৰ্ত্তন আছয়
  কৰো আনি এক থান॥৩॥
কতো আছে হাজো   দক্ষিণ কূলত
  কতো বৰ-নগৰত।
কতো বৰপেটা   আসাম ৰাজ্যত
  কতোহোঁ কালজাৰত॥৪॥
বছৰেক মান   ফুৰি এক থান
  কৰিলা ঘোষা-কীৰ্ত্তন।
মাধৱদেৱক   পুনু দেখিবাক
  গৈলন্ত ৰামচৰণ॥৫॥
মাধৱদেৱত   কহিলা ভকত
  আসিলা ৰামচৰণ।
কথা শুনি তান   মাধৱদেৱৰ
  সহৰিষ ভৈল মন॥৬॥