পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০ অ]
৮৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

 ভোজন কৰিবা নকৰিবা॥২৪॥
শুনি বিপ্ৰসবে বোলে  কি কৰিবা এহিমতে
 পাৰম্পৰ্য্য প্ৰবৰ্ত্তি আছয়।
শঙ্কৰে বোলন্ত তেবে  ভকতৰ মালা কেনে
 কাঢ়ি লোৱা তুমি সমস্তয়॥২৫॥
পাপীৰ বস্তুক খোৱা  তোৰায় নামক নিন্দা
  তোৰাক চুইবাক নলাগয়।
এহিমতে আনো নানা  বুলিয়া শঙ্কৰদেৱে
 পুনৰপি বুলিলন্ত ত্ৰয়॥২৬॥
সহস্ৰক নাম, গীতা  ভাগৱত তিনি খান [১]
 শাস্ত্ৰ যেবে খণ্ডিবাক পাৰা।
কাঢ়ি লৈবে নলাগয়  আপুনি মালাক তবে
 নিষ্ঠে বোলোঁ তেজিবো আমৰা॥২৮॥
যেবে তিনিখান শাস্ত্ৰ খণ্ডিবাক নপাৰয়
 তেবে মালা লোৱা কিবা জানি।
শুনিয়া ব্ৰাহ্মণ সবে  নমাতি ৰহিলা আৰ
 শঙ্কৰ দেবৰ শুনি বাণী॥২৮॥

-দৈৱশক্তিৰ পৰিচয়-

এহিমতে কথামাতে আছন্ত শঙ্কৰ দেৱ
 দেখাইলন্ত ঈশ্বৰ শকতি।
শুনা সভাসদ চয় কহোঁতক বুঢ়াখাঁ


  1. বিষ্ণু সহস্ৰনাম, শ্ৰীমদ্ভাগবত গীতা আৰু শ্ৰীমদ্ভাগবত এই তিনিখন
    শাস্ত্ৰক গ্ৰন্থত্ৰয় বোলা হয়।