পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
[৬৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—গুৰুপুত্ৰৰ প্ৰতি ভক্তি—

অধিকাৰী নুহিকন্ত তেঁহে কি আমাৰ।
আমি কি অধীন তান নুহিকহোঁ আৰ॥
কিন্তু আমি যি কৰো তাৰাৰেসে কাম।
কৰ্ত্তা মাত্ৰ আমি সবে তাৰাৰ সকাম॥৪৩॥
নিলন্ত নিতান্ত তানে বস্তু সমস্তয়।
হৰিচৰণক হাক দিবে যোগ্য নয়॥
শুনিয়া বিস্ময় ভৈল লোক সমস্তয়।
বোলো কৰ জোৰে শুনা যত সাধু চয়॥৪৪॥
মোক সম সংসাৰত নাহি মূঢ়মতি।
কাকুতি মিনতি তুতি না জানো ভকতি॥
কিন্তু এহিমান প্ৰাৰ্থো মহন্ত সবত।
শঙ্কৰ মাধৱ মাত্ৰ সুমৰোঁ সতত॥৪৫॥
তাৰ দুইৰ পদ পাম হৃদয়ত ধৰি।
তাৰা দুইৰ চৰিত্ৰ কীৰ্ত্তন সদা কৰি॥
শুনন্তে তাৰাৰ কথা যাউক মোৰ প্ৰাণ।
এহিমানে প্ৰাৰ্থো মোক ন লাগয় আন॥৪৬॥
পৰম গোপনী ইটো কথা স্বৰূপত।
মহন্তৰ বাক্য কৰোঁ ইহাতে বেকত॥
জানি মোৰ দোষ চয় কৰি পৰিহাৰ।
শঙ্কৰ মাধৱ বুলি তৰিয়ো সংসাৰ॥৪৭॥