পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮২
[৫৯অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।

বেদ লুপ্ত কৰি ধৰ্ম্ম কৰিলি বিনষ্ট॥১৫॥
এখনাে মনুষ্য হুয়া ধৰ্ম্মক হৰস।
কত শ্রমে কৰি আছোঁ তাক ন জানস॥
দূৰ গুছ পাপিষ্ঠ বােলন্ত বাৰম্বাৰ ।
পুনৰপি মুখ যেন নেদেখোঁ ইহাৰ॥১৬॥
মদাহী কোঁচ তই শিখিলি পঢ়িবে।
পঢ়িবাক লাগি তোক পুথি লাগে যেবে॥
জানান্তাৰ হাতে লেখাও বেচ খানি দিয়া।
নুহি জানন্তাৰ পুথি আনিবি কিনিয়া ॥১৭॥

—ভৱানীপুৰ কালজাৰত--

এহি বুলি সিটো দিন তথাতে ৰহিলা।
অপমান পায়া কোচ মুৰাৰী গুছিলা॥
তৈৰ পৰা সুন্দৰীত আসিয়া আছন্ত।
কতোদিন পাছে ভৱানীপুৰক গৈলন্ত॥১৮॥
দিন আঠ দশ মান তৈতে আছিলন্ত।
পাছে কালজাৰত আসিয়া ৰহিলন্ত॥
আউ দিন প্রভাতে পঢ়িক দিবে প্রতি।
বােলা মনপুৰক (১) দিয়োক টকা দুটি॥১৯৷৷
মনপুৰে বােলে টকা নাহিকে লগত৷
কৈতবা এৰিলো কিম্বা ৰহিল ঘৰত৷৷
মাধৱে বােলন্ত তাৰ লগে সােণ আছে।
নপাইলিয়ো মােত প্রায়শ্চিত্ত লাগি আছে॥২০৷৷


মনপুৰ-ভৱানীপুৰুয়া গােপালদেৱৰ মােমায়েক।