পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩অ]
৩০১
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


লগ এৰি যাইবাৰ খানিক ফল পাউক॥২৯॥
আনো বেলা যেন লগ এৰিয়া ন যাই।
এহি বুলি হাসি যান্ত তাসম্বাকে চাই॥
আৰো কতো দূৰ যাই পুনু গেড়িয়ান্ত।
নুশুনিলা ভাৱে হাসি ভাটিয়াই যান্ত॥২২॥
বুজি দুয়োজন পাছে বসিল বালিত।
গাইবে লৈলা ৰুক্মিণীৰ বিলাপৰ গীত॥
“ভায়া-কেৰি দুঃখ দেখিয়ে জীৱ যাই।”
এহি ফাকি শুনি বোলা মাধৱে দুনাই॥২৩॥

 —সুন্দৰীদিয়াত—
ৰাখিয়োক নাৱ দুঃখ পাৱে আবে মানে।
অনন্তৰে নাৱত চৰিলা দুয়োজনে॥
পাছে গৈয়া সুন্দৰীদিয়াত ৰহিলন্ত।
শুনা তৈত আৰো যেন কৰ্ম্ম কৰিলন্ত॥২৪॥

 —দেৱ-উচ্ছিষ্ট দুধ—
কঙ্কিলাৰ গুৰু নামে বিপ্ৰ এক জন।
মাধৱদেৱৰ থানে গৈলা ৰঙ্গমন॥
হাতে কৰি ঘন দুধ এক ভাণ্ড লই।
পাইলন্ত ব্ৰাহ্মণ মাত্ৰ যেতিক্ষণে গই॥২৫॥
তেখনে মাধৱদেৱে বুলিলা বিপ্ৰক।
আঢ়া দুধ ভাণ্ড ওঁবা আনিলা কিসক॥
ব্ৰাহ্মণে বোলন্ত বাপ আঢ়া নুহিকয়।
আৱটিলো কালি আক আপুনি নিশ্চয়॥২৬॥