পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১অ]
২৯৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

  —শিষ্যৰ পাপে গুৰুক ছােৱে—
শিষ বােলাই ফুৰ মােৰ    অনাচাৰ কৰ ঘােৰ
  তােৰ অপযশে মােক পাৱে।
মােক গুৰু বােল যেবে   অনাচাৰ আৰ তেবে
  ন কৰিবি বুলিলা মাধৱে ॥১২৷৷
দিলন্ত বিদায় তাঙ্ক   সিয়াে নিজ থানে গৈলা
  পাছে ৰামচৰণ আসিলি।
কহিলা মাধৱে কথা   শিষ্য বুলিলন্ত যথা
  শুনি তেহেঁ কৰি কৃতাঞ্জলি॥১৩৷৷
বেলন্ত বিনয় ভাৱে   মই যােগ্য নােহাে আৰ
  কৃপা গুণে তােমৰা বুলিলা।
বােলন্ত মাধৱে শিষ্য   দায় দিলো তোক মই
  তাই লাগি গুৰু নু বুলিলা ॥১৪৷৷

⸺⸺

দ্বিষষ্টি অধ্যায়

—অসুৰাৰি ভট্টাচাৰ্য্যৰ বৃত্তান্ত—

এহি মানে ইটো কথা   ৰহােক শুনিয়ো তথা
  যেন ভৈল আত অনন্তৰ।
বাৰাণসী হন্তে পঢ়ি   আসিলন্ত অসুৰাৰি
  ভট্টাচাৰ্য্য নামে দ্বিজবৰ ॥১৷৷