পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২২
[৬৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


পাছে গৈয়া আপুনি বুলিলো আসিবাক।
ন যাইবো বুলিয়া তেহে পঠাইলা আমাক॥
পুছিলোহোঁ কি কাৰণে ন যাইবন্ত এবে।
তেহেঁ বোলা তোমাৰ গৃহক যাওঁ যেবে॥৪৪॥
তেবে আনো বুলিবেক যাইবাক আমাক।
সবাৰো গৃহক মই লাগিব যাইবাক॥
এতেকে ন যাইবো বাপু গৃহক যায়োক।
এহি বুলি প্ৰবোধিয়া পঠাইলন্ত মোক॥৪৫॥
শুনিয়া মাধৱদেৱে বুলিলন্ত হাসি।
আনৰে তোমাৰে ঘৰ সম ভৈল আসি॥
ন মাতিলে আসিবাক লাগে আপোনাৰ।
মাতিলে নাসন্ত ভাল বুজিলন্ত সাৰ॥৪৬॥
আৰ আন বেলা পুনু ন মাতিবা আঙ্ক।
এহি বুলি হৰিচৰণক দিলা হাক॥
এহি মতে অনন্ত চৰিত্ৰ মাধৱৰ।
সাৱশেষে কহিবে পায় কোন নৰ॥৪৭॥
অলপতে সন্তুষ্ট হৈবা শুনি সাধুজন।
মই মহা মূৰ্খ মতি পৰম অজ্ঞান॥
তেবেসে সংসাৰ তাপ তৰিবা হৰিষে।
শঙ্কৰ মাধৱ বাণী বোলা অহৰ্নিশে॥৪৮॥