পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯ অ ]
৩৫৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

হয়গ্ৰীব মাধৱৰ থানক ন যাই।
আসে যাই সদা লোক মাধৱৰ ঠাই॥৬০॥
জীয়া-মাধৱ মৰা-মাধৱ নাম তুলিলেক।
দেখিয়া মাধৱদেৱে বুলিলা প্ৰত্যেক॥
হাক দিবে লোকক নপাৰি আসিবাক।
আৰবাৰ জগৰেহে পাইলন্ত আমাক॥৬১


সপ্ততিতম অধ্যায়

—মাধৱদেৱৰ বেহাৰ গমন—

ব্ৰাহ্মণ সকলে ছিদ্ৰ চাৱৈ বাৰম্বাৰ।
ইদেশত জানা আমি ন থাকোহোঁ আৰ॥
এহি বুলি বেহাৰক যাইবে সাজিলন্ত
নাৱে চৰি লৌহিত্যত ভটিয়াই যান্ত॥১॥

—ৰামচৰণক বিদায়—

অনন্তৰে মনদিয়াৰ ঘাটে ৰহিলন্ত।
পাছে ৰামচৰণক মাতি পঠাইলন্ত॥
তিন দিন পাছে ৰামচৰণ আসিলা।
দেখিয়া মাধৱে তাঙ্ক বচন বুলিলা॥২॥
ভকতক দ্বেষ বোপা কৰে যি দেশত।