পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮অ]
২২৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱৰ চবিত

আন কাম মােক  সবে বুলিয়োক
 অন্ন ৰান্ধিব নোৱাৰোঁ ॥৮৷৷
শঙ্কৰে বেলন্ত  তেহে ন ৰান্ধন্ত
 অন্যাঅন্যি কৰা দুই।
পছে কতোক্ষণে  মাধৱে বোলন্ত
 আগে কৃতাঞ্জলি হুই ॥৯৷৷
মােৰ ঠাই অন্ন  খালে বিলক্ষণ :
 কথা হুবে দেখো এবে।
ৰামৰায় আদি  গিয়াতি সবত
 খাবাক লাগিব তেবে ॥১০৷৷
তাৰ বুলিবেক  আমাত কৰিয়া
 মাধব কি কুলে চাৰ।
তান হাতে অন্ন ভুঞ্জিলে, ভুঞ্জিবে
 গৃহত লাগে আমাৰ ॥১খ৷৷
মাধৱৰ বাণী  শঙ্কৰেও শুনি
 মনত হৰিষ ভৈলা।
ভুঞ্জিলােহোঁ অন্ন  ভাল স্বাদ ইটো
 মাধৱ ৰান্ধিয়া দিলা ॥১২৷৷
প্রশংসি বােলন্ত  বােপা ৰামানন্দ
 অন্ন ৰান্ধাগই তই।
মাধৱৰ হাতে  মনৰ সন্তোষে
 অন্ন ভুঞ্জিলােহোঁ মই ॥১৩৷৷