পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮ অ]
৪১৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


  চতুৰ্ভুজ নাম থৈলা॥৫॥ (২)
তেহোঁ বিদ্যমানে   বিষ্ণুপুর থানে
  কৰিয়া সত্ৰ আছন্ত। (৩)
মহা শোভানয়   যেন জলধৰ
  মহা দয়াৱন্ত সন্ত॥৬॥
শঙ্কৰ দেৱৰ   শক্তি নিৰন্তৰ
  যুত্ত হুয়া মহামতি।
আপুনি কৰন্ত   আনকো কৰান্ত
  একান্তে হৰি ভকতি॥৭॥


[১]

  1.  (২) হৰিচৰণৰ প্ৰথমা স্ত্ৰী ৰামচৰণ ঠাকুৰৰ ভনীয়েক, দ্বিতীয় স্ত্ৰী বগুলাৰ জমিদাৰৰ কন্যা বিষ্ণুমতীৰ গৰ্ভত দুই কন্যা, কান্তি, গোবিন্দপ্ৰিয়া আৰু এক পুত্ৰ চতুৰ্ভজৰ জন্ম হয়। চতুৰ্ভুজ ঠাকুৰে ফুলবাৰী বেহাৰৰ কানু ভূঞাঁৰ কন্যা কনকলতাক বিয়া কৰায়;-দুই কন্যা সুভদ্ৰা, সুমিত্ৰা জন্মে। চতুৰ্ভুজ ঠাকুৰৰ ভগ্নী গোবিন্দপ্ৰিয়াক বৰুৱা আতালৈ দিয়া হয়, পুত্ৰ দামোদৰক ঠাকুৰে প্ৰতিপাল কৰে। কন্যা সুভদ্ৰাক ৰামগতি চৌধাৰীলৈ দিয়া হয়।
     চতুৰ্ভুজ ঠাকুৰ ১৫৪২ শক—পুহ—শুক্লাচতুৰ্থীত স্বৰ্গী হয়। সুভদ্ৰাৰ পুত্ৰ অনন্তই সলগুৰি সত্ৰ আৰু সুভদ্ৰাৰ সপত্নীপুত্ৰই (অইনমতে নিজপুত্ৰ) কোৱামৰা সত্ৰ স্থাপন কৰে।
     চতুৰ্ভুজ ঠাকুৰৰ ভাগিন দামোদৰে শিশুমতিক বিয়া কৰায়। আই- কনকলতা সহ উজনি অসমলৈ আহি আকৌ বৰদোৱা সত্ৰ স্থাপন কৰে। দামোদৰৰ পুত্ৰ ৰমাকান্তই নৰোৱা সত্ৰ স্থাপন কৰে।
     (৩) পুৰুষোত্তম ঠাকুৰে চতুৰ্ভুজ ঠাকুৰক সত্ৰ দি যায় ১৫৪১ শকত, আৰু চভূৰ্ভুজ ঠাকুৰ ১৫৪২ শকত স্বৰ্গী হয়। গতিকে।দৈত্যাৰি ঠাকুৰে ১৫৪২ শকত পুহ মাহৰ আগত চৰিত্ৰ পুথি লিখা সমাপ্ত কৰে।