পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নব সপ্ততিতম অধ্যায়

—গ্ৰন্থৰ উপাদান—

ভকত সবক   নমস্কাৰ কৰোঁ
  হাতে দান্তে তৃণ ধৰি।
কথাত দূষণ   দেখি নি নিন্দিবা
  বোলো কৰজোৰ কৰি।
একে মই শিশু-   -মতি আৰো তাতে
  পৰম পামৰ মতি।
দুয়ো ঈশ্বৰৰ   চৰিত্ৰ অনন্ত
  জানিবো কেনে সম্প্ৰতি॥২॥
তথাপি মহন্ত   সবৰ মুখত
  শুনি আছো যেন মতে।
মহন্ত সবৰ   বচন আদৰি
  লিখিলোহোঁ সেহি মতে॥৩॥
কত কত মহা—   —জন সবে মোক
  বুলিলন্ত লগ পাই।
দুয়ো মহা পুৰু—   —ষৰ কথা লিখি
  কৰি দিয়া এক ঠাই॥৪॥
এহি কথা আমি   বুঢ়ী পো গোবিন্দত
  পুছিলো আসি প্ৰৱন্ধে।