পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
[৬৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ভীমৰেসে বল জানো তোহোঁৰ গাৱত!
ভীম নাম হৌক তোৰ প্ৰসিদ্ধ লোকত॥২৫॥

—ৰামবিজয় যাত্ৰা—


এহিমানে আবে ইটো প্ৰসঙ্গ ৰহোক।
আত অনন্তৰে যেন ভৈল শুনিয়োক॥
এক কালে ৰাম যাত্ৰা কৰাইবাক প্ৰতি।
সবে তান্তিকুঞ্জিয়া লোকৰ ভৈল মতি॥২৬॥
মাধৱদেৱৰ আগে বুলিলেক লোক।
বাপ ৰাম-বিজয় যাত্ৰা কৰায়োক॥(১)
বোলন্ত মাধৱদেৱে মই বোলো যিটো।
যাক যাক সমস্তে আনিয়া দিবো সিটো॥২৭॥
লোকে বোলে বোলন্তক দিবো আমি সবে।
আশী টকা মঙ্গিলা মাধৱদেৱে তেবে॥
কতো এক দুই তিনি টকা বৰগিলা।
ন কৰি ওজৰ সবে তাক আনি দিলা॥২৮॥

—ৰাম সীতাৰ প্ৰতিমা—


আশী টকা উঠিল মাধৱে বোলা আৰ।
কিনিয়োক চাউল চৰু লোণ তেল খাৰ॥


[১]

  1. (১) সীতা স্বয়ম্বৰ বা ৰামবিজয়-যাত্ৰা অঙ্কীয়ানাট শঙ্কৰদেৱ ৰচিত।
     দ্বিজ ৰামানন্দ ৰচিত গুৰু চৰিত্ৰ মতে ( ৫৭ অধ্যায়) মাধৱদেৱে মাগুৰি গ্ৰামত কণ্ঠভূষণৰ ঘৰত প্ৰথমতে সীতা স্বয়ম্বৰ নাট ভাৱনা কৰে আৰু নিজে পৰশুৰামৰ ভাও লয়। পিচত আকৌ উত্তৰাকাণ্ডলৈকে গোটেই ৰামায়ণৰ কাহিনী ভাৱনা কৰে।