পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭অ]
২১৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত

-কৃষিকৰ্ম্ম-

বউ আৰো দুইখানি ভাতিজ আছয়।
মই সমে চাৰিজন আন নাহিকয়॥
শঙ্কৰে পুছিলা বোৱা কতি পুৰাধান।
তেহেঁ কহিলন্ত বওঁ চাৰি পুৰা মান॥১৯॥
আৰে ধানে কুলাই বুলি শঙ্কৰে পুছন্ত।
কতো কুলাই কতো নুকুলাই তেহেঁ কন্ত॥
পুনৰপি শঙ্কৰে বোলন্ত দামোদৰ৷।
চাৰি পুৰা ধান বোৱা দিনৰ চাৰিপৰ॥২০॥
একপৰ বেলা কৃষ্ণ-কথা শুনিয়োক।
তিনিপৰ বেলা তিনি পুৰাক বয়োক।৷
যদি নাটে মোহোৰ ঘৰৰ পৰা ধান।
নিবা আসি বোপা লাগৈ যেতি পুৰা মান॥২১।৷
শুনি দামোদৰ গুৰু গৃহক গৈলন্ত।
তিনি পুৰা ধান মাত্ৰ বছৰে বৈলন্ত॥
দুয়ো বেলা কথা প্ৰতি দিবসে শুনন্ত।
বৎসৰেক অন্তৰে শঙ্কৰে পূছিলন্ত॥২২॥


 (চ) কৃমিশ্ৰ ৰচিত দেৱদামোদৰ চৰিত্ৰ মতে সন্ন্যাসীবেশী নাৰদে মণিকূটত (হাজোত) দামোদৰক দিব্যজ্ঞান দিয়ে। পিচত দামোদৰ দেৱ পাটবাউসীলৈ গৈ পত্নীবিহীন অৱস্থাত শঙ্কৰদেৱৰ আগত কৃষ্ণ কথা শুনি থাকে। কোনো কোনো দেৱদামোদৰ-চৰিত্ৰমতে দামোদৰদেৱে মণিকূটত চৈতন্যদেৱৰ সাক্ষাৎ পাইছিল। চৈতন্যদেৱ হেন আহি সন্ন্যাসীবেশে বৰাহকুণ্ডত আছিল। অনুমান হয় ওৰেষাৰ সন্ন্যাসীক চৈতন্য বোলা হৈছে।