পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০অ]
২৩৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

তাঙ্কে আনাগই বাপু একেলগে থাকি।
আমাৰ লগত থাকি দুখ পাবিনিকি॥
কোন দুঃখ নপাইবি আহগৈ ওচৰ।
কোলায়ে বুকুৱে তুলি কৰিলাে ডাঙ্গৰ ॥৪০॥
আবে বৰ ভৈলে আৰ ওচৰ নাসিস।
বছৰ ছয় মানে আসি পাকটো নেদিস॥
এহিমতে অনেক প্রবােধ বুলিলন্ত।
শুনি ৰামচৰণে নমাতি আছিলন্ত ॥৪১৷৷
 —আধলীয়া যদুমণি দেৱ—
যদুমণি নামে এক ব্রাহ্মণ আছিল।
ৰত্নাৱলী ৰত্নাকৰ পাঠ কৰিছিল।
সেহি দিনে আসাম ৰাজ্যক তেহোঁ গৈল।
আৰো দিন কেহোঁ পাঠ কৰন্ত নভৈল। [১]
 —পাঠক ৰামচৰণ—
সবে বােলে কি হৈব নাহিকে পাঠক।
শ্ৰীৰামে বােলন্ত যিবা পাঠ কৰিবেক॥
মই জানো এহি বুলি কাঠ খানি আনি।
বাপু ৰামচৰণ কৰা তুমি পাঠ খানি ॥৪৩৷৷
তাৰে পৰা পাঠ ৰামচৰণ কৰন্ত।


 (২) আধলীয়া যদুমণি দেৱ-দামােৰদেৱ আৰু মাধৱ দেৱৰ আজ্ঞাত বংশী গােপালদেৱৰ লগত উজনি অসমলৈ যায়। তেওঁৰ পৰা মাহৰা আদি সত্র হয়।