পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
[৪৭অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত

কৃষ্ণৰ অভয় পদে লৈলন্ত শৰণ ৷। [১]
শঙ্কৰে তাহাত পুনু কথা পুছিলন্ত।
কয়জন পােষ্য— শুনি তেহেঁ কহিলন্ত ॥১৮৷৷


 (১) দামােদৰ দেৱৰ শৰণ গ্রহণ :—

 (ক) দ্বিজ ৰামানন্দৰ গুৰু চৰিতত আছে যে শঙ্কৰদেবৰ অনুমতিক্রমে ৰামৰাম গুৰুৱে দামােদৰ দেৱক শৰণ দিয়ে--

“ৰাম ৰাম গুৰু শুনি হৰিমন্দিৰত ।
কৰাইলা শৰণ পুনু হৰি চৰণত॥
উপদেশ কথা যত শঙ্কৰে কহিলা।
এহিমতে দামােদৰ আনন্দে ৰহিলা॥

 (খ) ৰামচৰণ ঠাকুৰ কৃত শঙ্কৰ চৰিতত এই বিষয়ে বিশেষ নাই, দামােদৰে ভাৰ্য্যা বিয়ােগৰ পাচত এমহা বিত নি শঙ্কৰক দিছিল। শঙ্কৰে আকৌ বিবাহৰ কথা উল্লেখ কৰাত, বিবাহত মােৰ ইচ্ছা নাই বুলি অসম্মতি জনায়। আৰু—

“তযু ভকতৰ সঙ্গে  গাৱ গুণ মহাৰঙ্গে
 আতপৰে কোন লাভ আছে।
কৰা বাপ দয়া মােক  পুৰুষ উদ্ধাৰ হৌক
 এহি বুলি প্রণামিলা পাছে।”

 (গ) ভুষণ দ্বিজৰ শঙ্কৰদেৱত (৬৪৯-৫৬) আছে যে দামােদৰে এমহা বিত দি শঙ্কৰ দেৱৰ ওচৰত ভাৰ্য্যা বিয়ােগৰ অন্তত হৰি কথা শুনিছিল।

 (ঘ) বংশীগােপাল দেৱৰ চৰিত্ৰ মতে (৬ষ্ঠ অঃ) দামোদৰৰ গুৰু ওৰেষা- দেশৰ বাসুদেৱ মিশ্র। এই মিশ্র সন্ন্যাসীবেশী নাৰদ। তেওঁৰ পৰা ভক্তিৰ উপদেশ পােৱাৰ পাচত শঙ্কৰৰ পৰা শ্ৰৱণ কীৰ্ত্তনৰ উপদেশ পায়। “বুলিলা অঞ্জসা গুৰু শঙ্কৰে আমাক”—বংশী গােপাল ৬৷৪১

 | (ঙ) দেৱ দামােদৰ চৰিত্ৰ মতে (৪৮পৃঃ) দামােদৰৰ পিতৃয়ে শঙ্কৰক কৈছিল—

“আমিও সাধিবো গতি তােমাৰ সকাশে
দামােদৰ আসিয়া মিলিল তযু পাশে ॥
x x x x
চৈতন্যৰ শুদ্ধি মত আমি আছো ধৰি৷৷

 আৰু আছে, ৰাম ৰাম গুৰুৰ হাতত চৈতন্য দেৱে, খামত ভৰাই, শৰণ ভজন শিক্ষা চাৰিনাম দামােদৰ দেৱলৈ পঠিয়াই দিছিল।