পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
[৬৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


বাজত বসিয়া আছন্ত ব্যঞ্জন
 হৌক বোল বুলিলন্ত॥ ১০॥
একোতো আশয়  নপায় নিশ্চয়
 মাধৱদেৱত তথা।
বিস্ময় মনত  সমস্তে ভকত
 পুছিলন্ত পাছে কথা॥১১॥
তোমৰা বাজত  আছন্ত ব্যঞ্জন
 হৌক কিয় বুলিলন্ত।
নুবুজিলো আমি  কহিয়োক তুমি
 মাধৱদেৱে কহন্ত॥১২॥
ব্যঞ্জন ন ভৈলে  অন্ন স্বাদ নুহি
 জানিবা নিষ্ঠে বচন।
ব্যঞ্জন ভৈলেসে  অন্ন স্বাদ লাগে
 এতেকে হৌক ব্যঞ্জন॥১৩॥
শুনি ভক্ত যত  পুনু পুছিলন্ত
 ব্যঞ্জন বুলিয় কাক।
হাসিয়া উৎসৱে  কহন্ত মাধৱে
 ব্যঞ্জন বুলিয় কাক॥১৪॥
আজি জানা ক্ষুধা  নতু ধৰে আসি
 ক্ষুধাসে ব্যঞ্জন হুই।
ক্ষুদা যেবে নাই  পঞ্চামৃত খাই
 সিয়ো তেবে স্বাদ নুই॥১৫
এতেকে লাগোক  ক্ষুধা আসি পুনু