পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭০
[৭২ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


মনত সন্তোষে আতি   বুলিলন্ত পাছে মাতি
  পোৱাতীসে জানিবা নিশ্চয়।
ছৱাল কোলে লৈবে জানে   ন জানয় আন জনে
  আতে এহি দৃষ্টান্ত হোৱয়॥৫॥
এহি মতে মাধৱক   প্ৰশংসিলা বহুতৰ
  বীৰুকাৰ্য্যী মহাতুষ্ট মনে।
নাম-মালিকাৰ পদ  কৰিলা মাধৱদেৱে
  জানা বীৰুকাৰ্য্যীৰ বচনে॥৬॥

—ঘোষাৰ পটল বিভাগ—


তাৰে পৰা জানা আৰো   অধিক আদৰ কৰে
  বীৰুকাৰ্য্যী মাধৱদেৱক।
ইটো কথা এহিমানে   বৌক আবে সাৱধানে
  পাছ কথা কহোঁ শুনিয়োক॥৭॥
আছন্ত আনন্দ মনে   বেহাৰত কতো দিনে
  মাধৱদেৱৰ ভৈল মন।
আউল ভাঙ্গি ঘোষা খান   কৰো জানি একথান
 এহি বুলি শৰণ ভজন॥৮॥
নিন্দা-তুতি উপদেশ   প্ৰাৰ্থনা কাকূতি খেদ
  বহুবিধ পটল কৰিল।
লোকক কৃপায় আতি   পৰম কুশল চিন্তি
  যেন অন্ধলাক চক্ষু দিল॥৯॥

—শ্ৰীৰাম আতাৰ কামৰূপ ভ্ৰমণ—


শুনা আৰো একদিন   ভক্তক দেখিবে মন