পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭ অ]
৩৩৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


হাক দিলো তভো নেন্ত আমি কি কৰিম॥
বোলন্ত মাধৱদেৱে নিদিলে তোমৰা।
আপুনিয়ে খড়ি মাটি নিবে তেহেঁ পাৰা॥৩৭॥
মনপুৰে বোলে ন পতিয়ান্ত তোমৰা।
নেনা বুলি হাক দিলো কতবা আমৰা॥
তথাপি নিলন্ত তাঙ্ক কি কৰিম কৈয়ো।
খঙ্গিয়া মাধৱদেৱে বোলন্ত শুনিয়ো॥৩৮॥
আক লাগি আসি আছে আন কাম নাই।
খড়িমাটি নিয়া তেঁহে উৰুৱাইবে ছাই॥
এহিমতে মাধৱদেৱে বিস্তৰ বুলিল।
মনৰ কথাক তান কেহোঁ নু বুজিল॥৩৯॥
খঙ্গিলন্ত আত মাটী নিবাৰ কাৰণে।
সমস্ত ভকতে এহি মানিলন্ত মনে॥
পাছে কতোক্ষণে দেৱ মাধৱ বোলন্ত।
আকো কহ মাটী হৰিচৰণে নিলন্ত॥৪০॥
বৰ বস্তু নিলা খড়িমাটী ডোখৰেক।
আকো ন সহিল আৰ কিবা সহিবেক॥
আৰো বোলে হাক দিলো তথাপিতো নিল।
আৰে বুলিবাক লাগি কি চাই ৰহিল॥৪১॥
যদি হৰিচৰণে সৰ্বস্ব নেই সবে।
আছে তাঙ্ক আমাৰ উত্তৰ কিবা দিবে॥
আমাকে যদ্যপি নেস্ত মনে ন লাগয়।
তেবে বা আমাৰ কিবা উত্তৰ আছয়॥৪২॥