পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
[৬৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ৰথ দেখি লোকৰ মিলিল মহোৎসৱ।
ঘৰাঘৰি গৈল সবে কৰি হৰিৰাৱ॥৩৪॥
পাছে ৰামযাত্ৰা কৰাইলন্ত আনন্দিত।
যাত্ৰা দেখি সমস্তৰে হৰিষ মনত॥
আত অনন্তৰে কথা শুনা সাধু নৰ।
হৰিচৰণ ছোট বেটা শঙ্কৰদেৱৰ॥৩৫॥
দক্ষিণ কূলক গৈলা সৰু গুৰু ঠাই। (১)
ধানে কোড়ে গুড়ে নাৱ পঞ্চখান ভৰাই॥
মাতি বুলি লোক সমস্তকে যাইবে চান্ত।
সেই ৰেলা তৈতে এক কথা শুনিলন্ত॥৩৬॥

—সৰুগুৰুৰ অহঙ্কাৰ—


তোমাঠেৰ শৰণত কৰি বিলক্ষণ।
সৰু গুৰু বুলিলন্ত আমাৰ শৰণ॥
হেন শুনি তেখনে সকলে বস্তু এৰি।
কাহাকো ন মাতি শীঘ্ৰে আসিলন্ত লৰি॥৩৭॥
এহি কথা পাছে দেৱ মাধৱে শুনিলা।
হৰিচৰণ ঠাকুৰক প্ৰশংসা কৰিলা॥
মোৰ বোপা ভাল কৰিলন্ত বুলি আতি।
নিয়াইলন্ত পাছে হৰিচৰণক মাতি॥৩৮॥
দক্ষিণ কূলৰ কথা হাসি পুছিলন্ত।
সমস্ত বৃত্তান্ত হৰিচৰণে কহিলন্ত॥


[১]

  1. (১) সৰুগুৰু—দামোদৰদেৱ।