পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
[৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

নজানোহোঁ নাম   বৰ পুত্ৰ তান (৩)
  তাহাঙ্ক দেশত থইলা।
মৰিল পতনী   চলিয়া আপুনি
  টেম্বুৱানী বন্ধে গৈলা॥৪॥

—টেম্বুৱানিত বিবাহ—

ৰামৰায় কেতাই-   -খাঁ আদি যত
  সমস্তে ভূঞাঁ লগৰ।
বিহা কৰিলন্ত   তৈতে ৰহিলন্ত
  পাতিয়া এক নগৰ॥৫॥
কতো দিনে তাত   আনন্দে আছয়
  প্ৰজাক পালি নিশ্চয়।
অনেক বৰিষে   আনন্দে হৰিষে
  ভোগ ভুঞ্জি মনোময়॥৬॥
পাছে কতোদিন   তাহান পতনী
  প্ৰথম গৰ্ভ ধৰিলা।
পাঞ্চ মাস ভৈল   মধুপান দিল
  সুমঙ্গল আচৰিলা॥৭॥


 (৩) মাধৱদেৱৰ ককায়েকৰ নাম—দ্বিজ ৰামানন্দ আৰু ৰামচৰণ ঠাকুৰৰ মতে ৰূপচন্দ্ৰগিৰি; ভূষণ দ্বিজৰ মতে—দামোদৰ। দৈত্যাৰি ঠাকুৰে এৱ নামটো ন জনা বৰ আচৰিত যেন লাগে। দৈত্যাৰি মাধৱ দেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুতেক। ৰূপচন্দ্ৰগিৰিৰ নাতিয়েক অনিৰুদ্ধদেৱ মাধৱদেৱৰ পৰা শৰণলৈ ১৫২৪ শকত ৰৌতা অঞ্চলত আছিল।