পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩অ]
৩০৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


তিনি প্ৰহৰক থাকে দামুৰী বান্ধি থই।
গাই মেলি পথোৱাগৈ বিষ্ঠা মূত্ৰ খাই॥
সি কি দুগ্ধ মূত্ৰ মাত্ৰ দামুৰী ভোখত।
ৰাতি হাল বোৱা ইটো কাঁহাৰ সম্মত॥৪৪॥
এহি চাৰি গোটা মহা অধৰ্ম্ম সিজয়।
এহি পাপ ফলে মিতা জানিবা নাটয়॥
মই এক বোলো বোল তাহাক কৰিয়ো।
চমু দুপৰক লাগি মাত্ৰ হাল বায়ো॥৪৫॥
ধেনু সব দুহিবাহা প্ৰভাত সময়।
ৰান্ধনী ধুইবেক গাৱ ৰবিৰ উদয়॥
গৰুৰ কান্ধত ৰাতি নেদিবা জুঁৱলী।
জুঁৱলী দিবাক দোষ সূৰ্য্য অস্ত গৈলি॥৪৬॥
আটে নাটে বৎসৰেক এহ্ন কৰি চোৱা।
পাছে আপোনাৰ ৰীতি কৰিবাক পোৱা॥
মাধৱদেৱৰ বাক্য শুনি মনে ৰঙ্গ।
তাৰা প্ৰবৰ্ত্তিবে লাগিলেক সেহি থানে॥৪৭॥
প্ৰথম দিনতে তাৰা পাইলে পৰমাণ।
পুৱা দোই গাই দুধ পাইলা সেহি মান॥
যিমান পাৱয় তিনি প্ৰহৰত বই।
হালতো প্ৰমাণ পাইল সেই ধান হুই॥৪৮॥
এহিমতে প্ৰবৰ্ত্তন্তে বৎসৰেক ভৈল।
সেহি বৎসৰতে সবে ধাৰ শুজা গৈল॥

 —তাঁতিৰ অধৰ্ম্মাচৰণ—
আৰো এক তান্তি আছে গোবিন্দ নামত।