পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
[ ৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


বাগীশ ভট্টাচাৰ্য্য নামে জনেক ব্ৰাহ্মণ।
সবে ব্ৰাহ্মণক চাই বুলিলা বচন॥৩৩॥
আৰ পাপী সব কি কৰিবাক চোৱা।
মাধৱক জোকাবাহা আণ্টো নতু পোৱা॥
হাণ্ডিৰোল বৰলক ডাণ্ডি দি জোঙ্কোহা।
জ্বলন্ত অগ্নিক হাতে ধৰিবাক চাহা॥৩৪॥
যত কৰাঁ সমস্তে মাৰ্গৰ যাইবে তলে।
যাৱে নতু লাজ পোৱা গুছিয়ো সকালে॥
এহি বুলি লাঠি ধৰি লাসে লাসে যাই।
বুলিলন্ত ৰঘুদেৱ নৃপতিক চাই॥৩৫॥
কৰোঁ পৰদেশ মোক দিয়োক বিদায়।
কিসক ইবোল বোলা পুছিলা ৰাজাই॥
তেঁহে বোলা বাদ কৰাইবাঁহা শূদ্ৰ সমে।
জিনিলিয়ো যশ নাই দেখিয়ো প্ৰথমে॥৩৬॥
হাৰিলিয়ো মহা লাজ শূদ্ৰৰ লগত।
এতেকে প্ৰদেশ কৰোঁ কৈলো স্বৰূপত॥
ৰাজা বোলে তোৰাৰ শিঙ্গায়ে ধৰধৰ।
তোৰাৰ শিঙ্গায়ে পুনু বোলে এৰ এৰ॥৩৭॥
অনাচাৰী মাধৱক তোৰায়ে বুলিলা।
তোৰায়ে আমাত কৈয়া আগে অনাইলা॥
এলা তোৰা বিদায় কৰিলস মোৰ ঠাই।
শুনি বাগীশ ভট্টাচাৰ্য্য বুলিলা দুনাই॥৩৮॥
এহেঁ নুহি অনাচাৰী মাধৱ আনাৰ।