পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭ অ]
৩৩৭
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


পাছ কালে জীবাৰ উপায় পাইবো তেবে॥২৬॥
যদি আয়ু নাটয় আকে বা খাইবে কোনে।
এহি বুলি ন মাতি ৰহিল সিটো জনে॥
তিনি গুটি টকা তাৰে ভাঙ্গিয়া খাইলেক।
শুনা তাত পাছে সিটো যেন কৰিলেক॥২৭॥
ভাৰ্য্যাৰ ভ্ৰাতৃক তাৰ মাতিয়া আনিল।
লোক বিদ্যমানে ভাৰ্য্যা তাকে এৰি দিল॥
গুৱা পান খাইবে বুলি মাধৱদেৱক।
দিলা দুই টকা পাছে দুই ভকতক॥২৮॥
বোলন্ত মাধৱে দামোদৰ কি কৰিলা।
সাতগুটি টকাৰে চাৰিটি আনি দিলা॥
দামোদৰে বোলে তিনি টকা ভাঙ্গি খাইলো।
চাৰি টকা ভক্ত সমে তোমাঠেক দিলো॥২৯॥

—মৰণৰ আগজাননী—

পৰশুই দেড়পৰ বেলি ভৈলে জান।
পৰিবে শৰীৰ আতা পাইল পৰমাণ॥
তাৰ বচনক সবে আপেক্ষি আছয়।
আউৰ দিনা মাধৱক প্ৰণামি কহয়॥৩০॥
তেজিবো শৰীৰ আতা দিয়োক বিদায়।
ভক্তক প্ৰণাম কৰিলেক পাছে যায়।
স্নান কৰি সিটো পাটি পাৰিয়া বসিল।
ডাক ছাড়ি ৰামকৃষ্ণ বুলিবে লাগিল॥৩১॥