পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪ অ]
৩৮৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


আন শঙ্কা মনে   নাই আছা বৃদ্ধ
  আতা আই দুইজনে॥২৯॥
মই বিনে আন   নাহি পুত্ৰ তান
  মনে শঙ্কা এহি মান।
ৰামচৰণৰ   বচন শুনিয়া
  বুলিলন্ত বিদ্যমান॥৩৩॥
দশ বৎসৰ   তোমাৰ বাপেৰৰ
  নাহিকে জানা মৰণ।
আষাঢ় শাৱণ   দুই মাসে লগে
  থাকিয়ো ৰামচৰণ॥৩১॥
তাসম্বক প্ৰতি   নাহি শঙ্কা মতি
  শুনিয়া ৰামচৰণ॥
বুলিলন্ত ভাল   তোমাঠেৰ বাক্য
  বাধি যাইবো কি কাৰণ॥৩২॥
এহি বুলি ৰাম—   —চৰণ ৰহিলা
  মাধৱদেৱৰ সঙ্গে।
ভকতে সহিত   কৃষ্ণৰ চৰিত
  শুনন্ত পৰম ৰঙ্গে॥৩৩॥
শুনা সাধু জন   থিৰ কৰি মন
  ইটো কথা অনুপাম।
বোলা নিৰন্তৰ   শঙ্কৰ মাধৱ
  দুঃখ হৌক উপশাম॥৩৪॥