পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঊনষষ্টি অধ্যায়

—ধৰ্ম্ম প্ৰচাৰ—

আত অনন্তৰে ক্ষেত্রি বিলাইতৰ লােক।
অনেক দিনৰ পৰা মাধৱ দেৱক॥
কৰি কাবৌ কাকুতি ক্ষেত্ৰিক লাগি নিল।
চৰাৰ বৰিত দেৱ মাধৱ ৰহিল ॥১৷৷

—ক্ষেত্রি বিলাইত—

দিন দুই মান তৈত আনন্দে আছন্ত।
সবাকো হৰিষ কৰাই কৃষ্ণ-কথা কন্ত॥
বিদ্যাধৰ গণক আৱৰ কতােজনে।
শুনিলন্ত তাৰা লোকে ভজাৱে আপোনে॥২॥
আউৰ দিনা আইল লােক মাধৱৰ ঠাই।
খঙ্গিয়া মাধৱদেৱে বুলিলা শুনাই॥
পূর্ব্বে নৰনাৰায়ণ ৰাজাত দেখিল।
বাৰ হাজাৰি লােক শাস্ত্ৰক শুনিলা॥৩॥
বাৰ জনে হৰিনাম মহিমা জানয়৷
বাৰ ৰাশি জ্যোতিষৰ শাস্ত্ৰত কহয়॥
বাৰ স্কন্ধ ভাগৱত কহে সাৰােত্তৰ।
বাৰ মাসে তাঙ্ক দেখা হয় বৎসৰৰ॥৪॥
বাৰ মাজিৰ খেল বৰপেটা থানে।